মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

আমি যি কৰো

  • এই সমাজৰ মূল উদ্দেশ্যসমূহ তলত উল্লেখ কৰা ধৰণৰ-
    ক) এই চছাইটি বা সমাজে অসম ৰাজ্যৰ নিৰৱিচ্ছিন্ন অৰ্থনৈতিক বৃদ্ধিক সমৰ্থন তথা শক্তিশালী কৰাৰ বাবে মূলতঃ আন্তঃগাঁথনিসমূহত নিজৰ কাম সমাপন কৰিব।
    খ) অসমৰ আন্তঃগাঁথনি প্ৰকল্পসমূহ সুকলমে শেষ কৰাৰ বাবে এই চছাইটিয়ে নিজৰ সম্পদসমূহ ব্যৱহাৰ কৰে।
    গ) সাধাৰণ নাগৰিকৰ ব্যৱহাৰত অহা যিকোনো প্ৰকল্প গ্ৰহণ কৰিব পাৰিব।
    ঘ) জনসাধাৰণৰ কামত অহা প্ৰয়োজনীয় যিকোনো কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।
    ঙ) পূৰ্বতে ইয়াত উল্লেখ কৰা হোৱা মূল উদ্দেশ্যসমূহত উপনীত হ’ব পৰা কাৰ্য্যসমূহ সম্পাদন কৰা।  
    চ) যিকোনো স্থাৱৰ/অস্থাৱৰ সম্পত্তিৰ ক্ৰয়, নিৰ্মাণ, বিক্ৰী বা যন্ত্ৰপাতিসমূহৰ ভাড়া, হিচাপ, পৰিচালনা আদি এই সমাজে চোৱা-চিতা কৰে।
    ছ) প্ৰয়োজন সাপেক্ষে ইতিমধ্যে কিনি ৰখা মাটি বা বিল্ডিং বিক্ৰী কৰিব পাৰে আৰু তাৰ বিপৰীতে অন্য দৰকাৰী ক্ৰয় কৰিব পাৰে তদুপৰি ইয়াৰ ওপৰত বিবেচনা কৰিব পাৰে।
    জ) এক বা একাধিক কাম সম্পন্ন কৰিবৰ বাবে কোনো ব্যক্তিক জড়িত কৰা বা নিয়োগ কৰা।
    ঝ) প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে এই সমাজক লক্ষ্যত উপনীত কৰোৱা সকলোবোৰ কাৰ্য্য সম্পাদন কৰা।