মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

অসম ভৱন, নতুন দিল্লী

নতুন দিল্লীৰ চানক্যপুৰীৰ গোপীনাথ বৰদলৈ মাৰ্গত ৪৯.৯৯ কোটি টকাৰ প্ৰকল্প ব্যয়েৰে মুঠ ৮৫০০ বৰ্গমিটাৰ মজিয়া ক্ষেত্ৰৰ এটা নতুন অসম ভৱন অট্টালিকা অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ বিত্তীয় নিধিৰে নিৰ্মাণৰ আঁচনিত অনুমোদন জনোৱা হয়।  
অসম ভৱনৰ মূল উপাদান/সুবিধাসমূহ তলত দিয়া ধৰণৰ ::
(১) ভিভিআইপি ছ্যুট তিনিটা, ভিআইপি ছ্যুট ছয়টা, দুখন বিছনাযুক্ত সাধাৰণ কোঠা ৪৬ টা, দুজনীয়া বিছনাযুক্ত কোঠা ১৭ টা, ল’ৰা আৰু ছোৱালীৰ বাবে এটাকৈ ছাত্ৰাবাস।  
(২) কৰ্মচাৰীৰ বাবে কোৱাৰ্টাৰ ১৪ টা।
(৩) এটা অভ্যৰ্থনা কক্ষ, ৩৫ গৰাকী ব্যক্তি ধৰা এটা সভাকক্ষ।
(৪) জনতাক সম্বোধন কৰিবলৈ মুকলি চোতাল য’ত ২০০ মানুহ সমবেত হোৱাৰ সুবিধা আছে।
(৫) ক্যাফেটেৰিয়া এটা (ইয়াত ৭০ গৰাকী ব্যক্তিৰ খোৱাৰ সুবিধা আছে)।
(৬) গাড়ী ৰখোৱা স্থান (ইয়াত ৫৪ খন গাড়ী ৰখোৱাৰ সুবিধা আছে)।  
(৭) কেন্দ্ৰীভূত শীত তাপ নিয়ন্ত্ৰিত ব্যৱস্থা, ৩২০ টন ক্ষমতাসম্পন্ন।
(৮) ৪০ কিলোৱাট সৌৰ শক্তি পদ্ধতি যিয়ে সকলো সময়তে অট্টালিকাৰ এটা অংশত বিদ্যুৎ শক্তিৰ যোগান ধৰে।
(৯) লাইট অটোমেশ্যন।
(১০) প্ৰতি ঘণ্টাত ৬০০০ লিটাৰ পানী গৰম কৰিব পৰা ক্ষমতাসম্পন্ন সৌৰ জল উত্তাপক।
(১১) ৱাইফাই, ভিডিঅ’ কনফাৰেন্সিং আৰু চিচি টিভি নিৰীক্ষণ।
(১২) স্মাৰ্ট অট্টালিকা পৰিচালনা পদ্ধতি যিয়ে অট্টালিকাৰ যান্ত্ৰিক আৰু বৈদ্যুতিক আহিলা যেনে বতাহ চলাচল ব্যৱস্থা, পোহৰ ব্যৱস্থা, বিদ্যুৎ শক্তি ব্যৱস্থা, অগ্নি ব্যৱস্থা আৰু সুৰক্ষা ব্যৱস্থা ইত্যাদি নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণ কৰে।

 

1