মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

মাজুলীত থকা কাৰ্য্যালয় আৰু আৱাসিক পৰিসৰ

মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান নদী দ্বীপ আৰু ২০১৬ চনত ভাৰতৰ কোনো নদী দ্বীপ জিলাৰ মৰ্যাদা লাভ কৰা মাজুলীয়েই একমাত্ৰ নদী দ্বীপ হয়। বিংশ শতিকাত ইয়াৰ ৮৮০ বৰ্গকিলোমিটাৰ জুৰি বিস্তীৰ্ণ ভূভাগ আছিল কিন্তু কালক্ৰমত ইয়াৰ ভূ-খণ্ডৰ ক্ষয়ভৱন হৈ হৈ ২০১৪ চনলৈ ৩৫২ বৰ্গকিলোমিটাৰ থাকে। ইয়াক আৱৰি থকা নদীয়ে বিস্তৃত ৰূপ লোৱাৰ লগে লগে এই নদী দ্বীপৰ আকাৰ সৰু হৈ আহিবলৈ ধৰে। ১৬ শতিকাৰ পৰাই মাজুলী অসমীয়া সভ্যতাৰ সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিতি লাভ কৰি আহিছে। লিখিত ৰূপত এই বৰ্ণনা আছে য’ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই নদী দ্বীপ দৰ্শনৰ কথা উল্লেখ আছে। মধ্যযুগৰ নৱবৈষ্ণৱ ধৰ্মৰ পথিকৃৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম নামেৰে হিন্দু ধৰ্মৰ এটি নতুন ধৰ্মৰ প্ৰৱৰ্তন কৰে আৰু এই নদী দ্বীপৰ বিভিন্ন স্থানত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে সত্ৰৰ প্ৰতিষ্ঠা কৰে।       
মাজুলী জিলা হিচাপে গঢ়ি উঠাৰ লগে লগে মাজুলীৰ বিভিন্ন বিভাগৰ বাবে কিছুমান জিলা ভিত্তিক আন্তঃগাঁথনিমূলক সুবিধাৰ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। ইয়াৰে কিছুমান গুৰুত্বপূৰ্ণ বিভাগ সামৰি চৰকাৰে এক সমন্বিত কাৰ্য্যালয় আৰু আৱাসিক পৰিসৰ নিৰ্মাণ কৰি উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্ত বাস্তৱায়িত কৰি তুলিবলৈ এটি প্ৰথম খণ্ডৰ আঁচনি অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ নিধিৰ অধীনত ২০১৭ চনৰ নৱেম্বৰ মাহত অনুমোদন জনোৱা হয়। ইয়াৰ ব্যয় মূল্য ৫০ কোটি টকা।  
এই আঁচনিৰ প্ৰধান উপাদানসমূহ তলত দিয়া ধৰণৰ :          
(১) উপায়ুক্ত, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু কৰ অধীক্ষকৰ বাবে কাৰ্য্যালয় গৃহ।
(২) বিষয়াসকলৰ আৱাস (তিনিটা খণ্ড, ১২ টা গোট)
(৩) তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ বাবে কৰ্মচাৰী আৱাস (এটা খণ্ড, আঠটা গোট)
(৪) চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে কৰ্মচাৰী আৱাস (দুটা খণ্ড, আঠটা গোট)
(৫) আভ্যন্তৰীণ পথ আৰু
(৬) বিদ্যুৎ শক্তি ষ্টেচন।

 

মাজুলীত থকা কাৰ্য্যালয় আৰু আৱাসিক পৰিসৰ