মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল  
ৰাজ্যৰ চিকিৎসা আৰু স্বাস্থ্য সেৱা উন্নত কৰাৰ মানসেৰে অসম চৰকাৰে তিনিচুকীয়াৰ মাকুমত এখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণৰ প্ৰ্চেষ্টা হাতত লৈছে। অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ পুঁজিৰে নিৰ্মাণ হ’বলগীয়া এই চিকিৎসালয়খনৰ ব্যয় ৩৫০ কোটি টকা ধাৰ্য্য কৰা হৈছে। জুন ২০১৮ ত অনুমোদন লাভ কৰা এই প্ৰকল্পটি অহা তিনি বছৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে অসম চৰকাৰে। পৰিকল্পিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় খনে মুঠ ৩৮.৫ বিঘা মাটি আৱৰিব বুলি কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে।
এই পৰিকল্পনাৰ মূল উপাদান সমূহ:
১) চিকিৎসালয় গৃহ - ১টা,
২) চিকিৎসা মহাবিদ্যালয় গৃহ - ১টা,
৩) প্ৰেক্ষাগৃহ- ১ টা,
৪) আৱাসিক কোৱাৰ্টাৰ- ১৫ টা ব্লক, ১৯৪ টা কোৱাৰ্টাৰ,
৫) ছাত্ৰ-ছাত্ৰী, নাৰ্চ, চিকিৎসকৰ বাবে আৱসিক হোষ্টেল,
৬) পশু গৃহ- ১ টা,
৭) ইএছএছ  ব্লক- ১ টা ইত্যাদি।

 

 

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল