মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

গুৱাহাটীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়

গুৱাহাটীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়

সাধু, মনিষী, নাট্যকাৰ, সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) আছিল অসমৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক বিশাল ব্যক্তিত্ব। অসমত দুই প্ৰধান ৰাজ্য আহোম আৰু কোঁচৰ একতাৰ এনাজৰী গঢ়ি তোলাৰ দিশত তেওঁৰ অৱদান অপৰিসীম। এই ঘটনাবহুল বুৰঞ্জীয়ে হৈছে অসমীয়া সাহিত্য সংস্কৃতিৰ আধাৰ। শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ অসমীয়া সমাজৰ অকল যে সংস্কাৰ সাধন কৰিছিল তেনে নহয় সাহিত্য, নৃত্য, নাট্য, সংগীত, চিত্ৰ ইত্যাদি বিভিন্ন দিশত তেওঁৰ অৱদানেৰে অসমীয়া সংস্কৃতিৰ ভেটী গঢ়িছিল। শিল্প আৰু সাহিত্যৰ দিশত তেওঁৰ অৱদান আজি অসমৰ জীৱন্ত ঐতিহ্য। তেওঁ প্ৰচাৰ কৰা ধৰ্ম বৃহৎ সংখ্যক লোকে পালন কৰে আৰু তেওঁ আৰু তেওঁৰ অনুগামীসকলে প্ৰতিষ্ঠা কৰা সত্ৰসমূহত ইয়াৰ অনুশীলন কৰা হয়।
তেওঁৰ বিশাল ব্যক্তিত্ব, জ্ঞান প্ৰদান আৰু সৃষ্টিসমূহৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই তেওঁক মহাপুৰুষ “মহান ব্যক্তি” আখ্যা দিয়া হয়।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয় নিৰ্মাণৰ আঁচনিৰ ব্যয়ৰ বাবে ২০১৮ চনৰ মে’ মাহত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ (এআইএফএ) ৰ পৰা ৫০ কোটি টকাৰ আঁচনি ব্যয়ৰ অনুমোদন জনোৱা হয়।

লক্ষ্য আৰু উদ্দেশ্যসমূহ

ক)শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৃতিসমূহৰ বিষয়ে সৰ্বোৎকৃষ্ট ৰূপত জ্ঞান আহৰণ কৰিবলৈ এক প্ৰতিষ্ঠান স্থাপন কৰা। এই ব্যৱস্থাই সমগ্ৰ ৰাষ্ট্ৰতে বিদ্যালয় পৰ্যায়ত শ্ৰীমন্ত শংকৰদেৱৰ পৰিচিতি প্ৰদানৰ চৰকাৰী নীতিত সহায়ক হ’ব।

খ)এই সংগ্ৰহালয়ে শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মসমূহৰ সংৰক্ষণ, পুনৰ উদ্ধাৰ আৰু ইয়াৰ গৱেষণা স্থান হিচাপে কাৰ্য্য সম্পাদন কৰিব। ইয়াত গৱেষক ছাত্ৰ-ছাত্ৰীসকলে গৱেষণা কৰিব পৰাকৈ বহুটো সা-সুবিধা থাকিব।

গ)এই সংগ্ৰহালয়ে সমগ্ৰ ভাৰতৰ সৈতে অসমক এক কৰিবলৈ বিচৰা শ্ৰীমন্ত শংকৰদেৱৰ যত্ন আৰু প্ৰয়াস প্ৰচাৰ কৰিব। এই ব্যৱস্থাই নৱ প্ৰজন্মৰ মাজত জাতীয় ঐক্যতাৰ চেতনা শক্তিশালী ৰূপত জাগ্ৰত কৰি তুলিব লগতে এই সংগ্ৰহালয়ে জাতীয় ঐক্যতাৰ শিক্ষামূলক, সাংস্কৃতিক আৰু নৈতিক মূল্য বহন কৰিব।

ঘ)এই সংগ্ৰহালয় বা কলা কেন্দ্ৰই ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে সহজ ৰূপত বুজি পোৱাকৈ এই মহান ব্যক্তিগৰাকীৰ জীৱনৰ স্বচ্ছ ছবি দাঙি ধৰিব। শংকৰদেৱৰ অৱদানসমূহ প্ৰকাশ কৰি উলিওৱাৰ চৰকাৰৰ মহান প্ৰচেষ্টাক ই অধিক ফলপ্ৰসূ আৰু ব্যৱহাৰিক কৰি তোলাত সহায় কৰিব।

প্ৰকল্প বিৱৰণী

ৰাষ্ট্ৰৰ এই প্ৰান্তত আজিলৈকে এনে কোনো সংগঠিত সংগ্ৰহালয় নাই য’ত এই মহান মনিষীগৰাকীৰ জীৱন আৰু কৰ্মৰ বিৱৰণী প্ৰদৰ্শন কৰা হয়। ‘শংকৰদেৱ কলাক্ষেত্ৰ’ ত থকা বৰ্তমানৰ সংগ্ৰহালয়ত সংগঠিত আৰু সুপৰিকল্পিত স্থানৰ অভাৱ, ইয়াত সম্পদসমূহৰ প্ৰদৰ্শনীৰ বাবে আধুনিক প্ৰযুক্তিৰ অভাৱ আৰু ইয়াত ইয়াৰ উপাদান আৰু অধ্যয়ন সামগ্ৰীসমূহৰ সুৰক্ষা পদ্ধতি অব্যৱহৃত।
এই প্ৰস্তাৱিত সংগ্ৰহালয়ত আধুনিক সংগ্ৰহালয়ৰ সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰা হ’ব লগতে ইয়াৰ স্থাপত্য-ভাস্কৰ্যৰ বৈশিষ্ট্য নামঘৰ বা কীৰ্তন ঘৰৰ সৈতে সাদৃশ্যপূৰ্ণ হ’ব। ই এগৰাকী শিল্পী আৰু স্থাপত্যবিদ হিচাপে শংকৰদেৱৰ জীৱনৰ আলোকপাত কৰিব। অধ্যয়ন আৰু গৱেষণাই এয়া প্ৰকাশ কৰে যে কীৰ্তন ঘৰৰ স্থাপত্য বিশেষত্ব বিংশ শতিকাৰ প্ৰায় ৪০০ বছৰৰ আগৰ পশ্চিমীয়া বিশ্বত গঢ়ি উঠা স্থাপত্যৰ সৈতে সাদৃশ্যযুক্ত। অট্টালিকাৰ মজিয়াৰ স্থাপত্য বৃত্তাকাৰ যি “খোল বা মৃদংগ” ৰ কোণ মসৃণ কৰাৰ ফলত গঢ় লৈ উঠা ধৰণৰ। দৰ্শনাৰ্থীসকলে ভূমি মহলৰ পৰা ওপৰ মহললৈ খটখটি বগাই বা লিফটৰ জৰিয়তে যোৱাৰ সুবিধা আছে। চতুৰ্থ মহলত তাৰ পৰা প্ৰস্থানৰ দুৱাৰ আছে য’ৰপৰা দৰ্শনাৰ্থীসকলে আহল-বহল মসৃণ চিৰিৰে তাৰপৰা ওলাই যাব পাৰে। শ্ৰীমন্ত শংকৰদেৱৰ বিভিন্ন কৰ্মৰাজী আৰু তেওঁৰ শিষ্যসকলক স্থাপত্য শিল্পৰ ৰূপত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব আৰু লগতে তলৰ ভূমি মহলালৈ নামি যোৱা বাটত বহাৰ সুবিধা থাকিব। এনেদৰে নামি গৈ স্মৰণিকাৰ বিপণি এখনত প্ৰৱেশ কৰি মূল অট্টালিকাৰ পৰা প্ৰস্থান কৰাৰ মূল পথত উপস্থিত হ’ব পাৰি।

সংগ্ৰহালয় পৰিসৰৰ ভিতৰত কৰিবলগীয়া প্ৰস্তাৱিত কাৰ্য্যসমূহ

এই সংগ্ৰহালয়ৰ প্ৰধান আকৰ্ষণ হ’ব চকা লগোৱা নাৱৰ আকাৰৰ কেবিনত সম্পূৰ্ণ শীত তাপ নিয়ন্ত্ৰিত ফাইবাৰ বোৰ্ডৰ টানেল পথেৰে কৰা এক জীৱন জুৰি স্মৰণীয় যাত্ৰা য’ত সমগ্ৰ যাত্ৰা কালত দৰ্শনাৰ্থীসকলে শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ পৰা মৃত্যুলৈকে তেওঁৰ জীৱন, কৰ্মৰাজী আৰু অৱদানসমূহ দৰ্শন কৰিব পাৰিব লগতে ইয়াৰ সুমধুৰ অভিজ্ঞতা লাভ কৰিব। বিশ্বখ্যাত আধুনিক প্ৰযুক্তি আৰু প্ৰযুক্তি বিদ্যাত নিপুণ ব্যক্তিৰ দ্বাৰা ড্ৰামেটিক পোহৰ ইফেক্ট আৰু শব্দৰ প্ৰয়োগ ঘটাই এই কাৰ্য্য সম্পাদন কৰা হ’ব।

এই সংগ্ৰহালয় গৃহৰ অন্যান্য প্ৰধান উপাদানসমূহ হৈছে ::

১) সমাজ গঢ়াৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ অৱদানসমূহ।
২) দেশৰ বিভিন্ন প্ৰান্তৰ শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক কিছুমান মহান ব্যক্তিৰ সৈতে মহাপুৰুষ জনাৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰা হৈছে যিসকল ব্যক্তিৰ সৈতে তেওঁৰ দেশৰ বিভিন্ন স্থানত তীৰ্থভ্ৰমণ কালত পৰিচয় ঘটিছিল। ই দেশৰ বিভিন্ন স্থানৰ সেই দৰ্শনাৰ্থীসকলক প্ৰভাৱিত কৰিব আৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰদান কৰা জ্ঞানৰ নৈতিক মূল্য অধিক স্পষ্ট ৰূপত অনুধাৱন কৰিব পাৰিব।
৩) শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা আৰু নিৰ্দেশনা প্ৰদান কৰা নাটক, অভিনয়, ভাওনা আদি মঞ্চস্থ কৰিবলৈ এটি প্ৰেক্ষাগৃহ। ইয়াৰ চিনেমাটোগ্ৰাফিক প্ৰদৰ্শনৰ সুবিধা থাকিব।
৪) আকাশ আলোকৰে সৈতে কেন্দ্ৰীয় প্ৰেক্ষাগৃহ সকলো মহলৰ পৰা দেখা পোৱাকৈ মুকলি মঞ্চ হিচাপে ব্যৱহাৰ কৰা হ’ব।
৫) শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আলোকপাতেৰে সমৃদ্ধ এটি কলা আৰু আলোকচিত্ৰ বীথিকা।
৬) ভিডিঅ’ কনফাৰেন্সিং, টেলিকনফাৰেন্সিং আৰু প্ৰজেক্টৰ ইত্যাদিৰ বাবে আধুনিক কনফাৰেন্স কোঠাৰ সুবিধাৰে সৈতে এটা ডাঙৰ পুথিভঁৰাল কক্ষ। এই পুথিভঁৰাল গৱেষক ছাত্ৰ-ছাত্ৰীসকলে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে অধ্যয়নৰ বাবে ব্যৱহাৰৰ বাবে উপযোগী হ’ব। ই শ্ৰীমন্ত শংকৰদেৱৰ পৰিচয় বিশ্বব্যাপী বিস্তাৰকৰণত সহায় কৰিব। এই পুথিভঁৰালে ই-পুথিভঁৰালৰ ৰূপত কাম কৰিব।
৭) “মাটি আখৰা” আৰু অন্যান্য ৰূপৰ শংকৰদেৱৰ যোগ সাধনাৰ দিশৰ অৱদানসমূহ প্ৰদৰ্শন কৰিবলৈ এটি ধ্যান আৰু যোগ সাধনা কেন্দ্ৰ ইয়াত স্থাপন।
৮) শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ব্যৱহৃত স্মৃতিগ্ৰন্থৰ এক বিশাল সংগ্ৰহ প্ৰদৰ্শনীৰ বাবে স্মৃতিগ্ৰন্থ বিপণিত ৰখা হ’ব। এই স্থানক “মেমৰী চ’প” বা “স্মৃতি বিপণি” বুলি জনা হ’ব।

প্ৰদৰ্শিত হ'বলগীয়া বীথিকাৰ তালিকা

(ক) শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম তীৰ্থযাত্ৰা।
(খ) মানৱ উপাসক হিচাপে শংকৰদেৱ।
(গ) শংকৰদেৱৰ ধৰ্মপ্ৰচাৰ বিষয়ক কাৰ্য্যসমূহ।
(ঘ) এজন নিপুণ চিত্ৰশিল্পী হিচাপে শ্ৰীমন্ত শংকৰদেৱ (সপ্ত বৈকুণ্ঠ চিত্ৰ)।
(ঙ) এগৰাকী কবি হিচাপে শংকৰদেৱ।
(চ) নাটক/অংকীয়া নাটৰ পৃথিৱীত শ্ৰীমন্ত শংকৰদেৱ।
(ছ) “বৃন্দাৱনী বস্ত্ৰ” ৰ সৃষ্টিকৰ্তা হিচাপে শংকৰদেৱ।
(জ) এগৰাকী লেখক হিচাপে শংকৰদেৱ।
(ঝ) শংকৰদেৱৰ সমসাময়িক।
(ঞ) নামঘৰ, কীৰ্তন ঘৰ, সত্ৰ প্ৰতিষ্ঠানসমূহৰ দৰে শংকৰদেৱৰ একমাত্ৰ সৃষ্টিসমূহ।
(ট) প্ৰদৰ্শন কলা হিচাপে শংকৰদেৱৰ বৰগীত।
(ঠ) এগৰাকী জাতীয় সমন্বয়ক হিচাপে জাতীয় সমন্বয় সাধনত শংকৰদেৱৰ আন্দোলনৰ ভূমিকা।
(ড) বাদ্যযন্ত্ৰ, ভাওনাত ব্যৱহৃত সামগ্ৰী, পোছাক সামগ্ৰী ইত্যাদি।
(ঢ) ভিন্ন সত্ৰীয়া নৃত্য।
(ণ) মাটি আখৰা (সত্ৰীয়া অনুশীলন)।

গুৱাহাটীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়