মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ

অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ পুঁজিৰ অধীনত অনুমোদিত প্ৰকল্প

অৱলোকন:

ৰাজ্যৰ অৰ্থনীতি সকলো পৰ্যায়ত বৃদ্ধি হোৱাৰ বাবে অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণে বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ অনুমোদন আগবঢ়ায়।

প্ৰক্ৰিয়া:

‘প্ৰজেক্ট কনচেপ্ট পেপাৰ’ বা ‘বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন’ ৰূপত অহা বিভিন্ন বিভাগৰ আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ কাৰ্য্যালয়ত সকলো প্ৰকাৰে পৰীক্ষণ কাৰ্য্য সম্পন্ন কৰা হয়।
যদি প্ৰকল্পটি সন্তোষজনক পোৱা যায়, তেন্তে অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ কাৰ্য্যনিৰ্বাহক সমিতিলৈ প্ৰকল্পটিৰ বিবেচনা আৰু অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয়।
প্ৰকল্পটি কাৰ্য্যকৰী সমিতিত অনুমোদিত হ’লে এই অনুমোদনৰ সম্পৰ্কত সংশ্লিষ্ট বিভাগক অৱগত কৰোৱা হয় আৰু বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন জমা দিবলৈ অনুৰোধ জনোৱা হয়। বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন পোৱাৰ পিছত ইয়াক পৰীক্ষণ কৰা হয় আৰু সন্তোষজনক হ’লে বিভাগটোলৈ প্ৰশাসনিক অনুমোদন আৰু ৰূপায়ণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ‘Go-ahead’ দিয়া হয়।

যোগ্যতা:

সৰ্বনিম্ন ৫০ কোটিৰ পৰা ওপৰৰ ব্যয়বহুল আন্তঃগাঁথনিমূলক প্ৰকল্প অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ দ্বাৰা অনুমোদন জনোৱা হয়।
প্ৰকল্পৰ বাবে নিৰ্ধাৰিত মাটিখিনি দখলমুক্ত হ’ব লাগিব আৰু কাগজ পত্ৰত সংশ্লিষ্ট বিভাগৰ নাম, বিৱৰণ স্পষ্টভাৱে থাকিব লাগিব।
বিস্তাৰিত প্ৰকল্প বিৱৰণ জমা দিয়াৰ আগেয়ে সকলো সংস্থাৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ কৰিব লাগিব।  
নিৰ্মাণ হ’বলগীয়া সম্পত্তিৰ বাবে এক ৰক্ষণাবেক্ষণ পৰিকল্পনা থকা উচিত।

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশনা:

ইয়াত কোনো ধৰণৰ নিৰ্দিষ্ট প্ৰ-পত্ৰ নাথাকে।

মাচুল:

ইয়াত কোনো মাচুল নালাগে।

প্ৰয়োজনীয় নথি-পত্ৰ:

গড়কাপ্তানি বিভাগ আৰু বিত্ত বিভাগৰ দ্বাৰা নিৰ্ধাৰিত সকলোবোৰ নথিপত্ৰ।

আৱশ্যকীয় সময়সীমা:

প্ৰকল্পৰ প্ৰস্তাৱৰ সময়তে এক নিৰ্ধাৰিত সময়সীমা উল্লেখ কৰা উচিত।

কিদৰে আবেদন কৰিব?

বিভাগসমূহে ‘প্ৰজেক্ট কনচেপ্ট পেপাৰ’ বা ‘বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন’ ৰূপত আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহ অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ কাৰ্য্যালয়ত জমা কৰিব লাগে।  

সেৱাৰ প্ৰকাৰ:

অফলাইন।

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ:

ইয়াত কোনো ধৰণৰ নিৰ্দিষ্ট প্ৰ-পত্ৰ নাথাকে।

যোগাযোগ কৰক:

শ্যাম জগন্নাথন, ভাৰতীয় প্ৰশাসনিক সেৱা
প্ৰকল্প সঞ্চালক, অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ
এফ ব্লক, জনতা ভৱন, দিছপুৰ, গুৱাহাটী-৭৮১০০৬
ই-মেইল: jshyam@ias.nic.in
দূৰভাষ: ০৩৬১-২২৩৭৪৫৫, ফেক্স: ০৩৬১-২২৩৭৪০০